বিশেষণ: আজিৰ
ৰাশিফল আপোনাক জনাব
যে আজিৰ দিনাখন
আপুনি কি কি
বস্তু তথা বিষয়ৰ
ওপৰত অধিক গুৰুত্ব
দিয়া উচিত আৰু
কাৰ পৰা দূৰত
থকা উচিত ,আজি
আপোনাক কি বস্তুয়ে
উন্নতিৰ পথত
লৈ যাব আৰু
কি আপোনাৰ সম্নুখত
বাধা ৰূপে থিয়
দিব!! আহক জানি
লওক আপোনাৰ নক্ষত্ৰ
আজি কি কৈ
আছে।
আজি দিনৰ
১২ ৰাশিফলৰ বিষয়ে
জনোৱা হৈছে
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগ বোৰৰ পৰা ভয় নাখাব। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। আপুনি যোৱাকেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব।
চিকিৎসা :- প্ৰেমিক অথবা প্ৰেমিকাক সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক।
বৃষ ৰাশি ফলাফল - Brish Rashi
Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যায় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একোলাভ কৰিব নোৱাৰে,কিন্তু লোকচান নিশ্চয় হব পাৰে। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। ব্যৱসায়ত নতুন বিচাৰৰ আৰু চিন্তাৰ স্বাগতম খোলা মনেদি কৰক,এনেকুৱা কৰিলে আপোনাৰ পক্ষত থাকিব ।আপুনি নিজৰ পৰিশ্ৰমৰ দ্বাৰা ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰয়োজন আছে,যি ব্যৱসায়ত থকাৰ মূল মন্ত্ৰ হয়,কামত মনোযোগ অটুট ৰাখিবৰ বাবে নিজকে শান্ত ৰাখক। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনশক্তি গোটাই লৈছে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।
চিকিৎসা :- বগা চন্দনৰ তিলক লগাওঁক স্বাস্থ্য ভালে থাকিব।
মিথুন ৰাশি ফলাফল - Mithun Rashi
Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।
চিকিৎসা :- পাৰিবাৰিক জীৱনত সুখ-সম্বৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্বিক গ্ৰহ সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপ ভাৱ ৰাখক।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi
Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।
চিকিৎসা :- ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট-দেৱতাৰ সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক।
সিংহ ৰাশি ফলাফল - Singha Rashi
Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ।ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱন সংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সুত্ৰপাত কৰিব পাৰে।
চিকিৎসা :- প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তান্দুৰী ৰুটি খুৱাওক।
কন্যা ৰাশি ফলাফল - Kanya Rashi
Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হব যে আপুনি কিমান সময় বৰবাদ কৰিলে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।
চিকিৎসা :- মাছ – মাংসৰ পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্ন্তি হ’ব পাৰে।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction
in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
এনেকুুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাৱি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষী হে হয়। আপুনি বেলেগক হহুঁৱাৰ স্বভাৱ টোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।
চিকিৎসা :- কেতু যন্ত্ৰ পূজা ঘৰ অথবা ঘৰৰ মন্দিৰত থ’লে আৰু তাৰ নিয়মিতৰূপে বন্দনা কৰিলে কৰ্মজীৱন সফল হ’ব।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi
Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
(Tuesday, October 8, 2024)
স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপোনাৰ ব্যৱসায় আৰু দৰ-দাম কৰাৰ ক্ষমতা আজি লাভদায়ক বুলি পৰিগণিত হব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।
চিকিৎসা :- সেউজীয় ৰঙৰ ৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব।
ধনু ৰাশি ফলাফল - Dhanu Rashi
Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।
চিকিৎসা :- কেশৰ দিয়া হালধীয়া মিঠাই ,কেশৰী হালোৱা নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক ,এনে কৰিলে স্বাস্থ্য ভালে থাকিব।
মকৰ ৰাশি ফলাফল - Makar Rashi
Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আনকি জীৱনটোৰ আয়ু কম কৰি দিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। ভনীৰ বিয়াৰ খবৰ আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব,তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আপুনি বেলেগক হহুঁৱাৰ স্বভাৱ টোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।
চিকিৎসা :- কৰ্মজীৱনত খুব ভাল ফলাফল পাবলৈ হলে আঠটা কয়লাৰ টুকুৰা বহমান পানীত নিক্ষেপ কৰক।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi
Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয় ,কিন্তু আপোনাৰ আজি অনুভৱ হব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ।
চিকিৎসা :- আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে কাঁহৰ দান কৰক, ইয়াৰ ফক্লত বুধ প্ৰসন্ন হ’ব।
মীন ৰাশি ফলাফল - Min Rashi Prediction
in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday,
October 8, 2024)
এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব।
চিকিৎসা :- সোণৰ হাৰ যিটো আপোনাৰ ককাঁললৈকে আহিব পিন্ধিলে সুস্থ-সবল গৃহস্থ জীৱন পাব।
দৈনিক ৰাশিফল
(Daily Horoscope in Assamese)
ৰাশিফল মূলত
: পূৰাতন জ্যোতিষ শাস্ত্ৰৰ
ই এক বিধান
, যাৰ মাধ্যমেদি বিভিন্ন
কাল-খণ্ড ৰ
বিষয়ে ভৱিষ্যত বাণী
কৰা হয়। য'ত দৈনিক ৰাশিফল
দৈনন্দিন ঘটনাক
আধাৰ কৰি ভৱিষ্য
কথন কৰা হয়,
সেইখিনিয়ে সাপ্তাহিক
,মাহেকীয়া আৰু
বাৰ্ষিক ৰাশিফল
ক্ৰমশঃ সপ্তাহ ,মাহ
আৰু বছৰক নিৰ্দেশ
কৰে। বৈদিক জ্যোতিষি
বিদ্যাত ১২
বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু
মীনৰ বাবে ভৱিষ্যৰ
ধাৰণা কৰা হয়।
ঠিক এনেকৈ ২৭টা
নক্ষত্ৰৰ ভৱিষ্যত
বাণী কৰা যায়।
প্ৰত্যেক ৰাশিৰ
নিজা-নিজা প্ৰকৃতি
আৰু গুণ ধৰ্ম
আছে, অন্তত প্ৰতিদিন
গ্ৰহৰ স্থিতি অনুযায়ী
সেই গ্ৰহৰ লগত
জড়িত জাতকৰ জীৱনত
ঘটিব লগীয়া স্থিতি
ভিন্ন ভিন্ন-ভিন্ন
হয়, এইটোয়ে কাৰণ
প্ৰত্যেক ৰাশিফল
বেলেগ বেলেগ হোৱাৰ।
rakhi-fol.in ত দিয়া
এই দৈনিক ৰাশিফলবোৰ
আমি এনেকুৱা সঠিক
পদ্ধতিৰে গণনা
কৰি উলিওৱাত গুৰুত্ব
প্ৰদান কৰিছোঁ। এই
ধৰণে সাপ্তাহিক ৰাশিফলত
আমি আটাইতকৈ সুক্ষ্মতম
জ্যোতিষি গণনাতো
গুৰুত্ব প্ৰদান
কৰিছোঁ। যদি
মাহেকীয়া ৰাশিফলৰ
কথা উল্লেখ কৰা
হয় ,তেন্তে এই
কথা ইয়াৰ ওপৰতো
আৰোপ হয়।বাৰ্ষিক ৰাশিফল
আমাৰ বিদ্বান তথা
অনুভৱী জ্যোতিষি সকলে
বছৰ ধৰি হব
লগা সকলো গ্ৰহৰ
পৰিৱৰ্তন,গোচৰ
আৰু অন্য বহুত
ব্ৰহ্মাণ্ডীয় গণনাৰ
মাধ্যমেৰে বছৰৰ
বিভিন্ন বিষয়
যেনে স্বাস্থ্য ,বৈবাহিক
জীৱন অথবা প্ৰেম
,ধন-সম্পত্তি আৰু
সমৃদ্ধি, পৰিয়াল
আৰু ব্যৱসায় তথা
চাকৰি ইত্যাদি বিষয়ৰ
ওপৰত পূৰ্ণ বিবেচনা
কৰিব।
এই ৰাশিফল
নাম ৰাশি অনুযায়ী
বনোৱা হৈছে নে
জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক
মূলত চন্দ্ৰ ৰাশিৰ
ওপৰত আধাৰিত, এই
ভৱিষ্য ফলক সূৰ্য
ৰাশিৰ সহায়ত পঢ়া
শুদ্ধ বুলি বিবেচিত
নহয় ।প্ৰকৃততে ভাৰতীয়
জ্যোতিষ শাস্ত্ৰত
চন্দ্ৰ ৰাশিক সৰ্বত্ৰ
গুৰুত্ব দিয়া
হৈছে।
এই ৰাশি
সূৰ্য ৰাশিৰ ওপৰত
আধাৰিত নে চন্দ্ৰৰাশিৰ
ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক
মূলত চন্দ্ৰ ৰাশিৰ
ওপৰত আধাৰিত, এই
ভৱিষ্য ফলক সূৰ্য
ৰাশিৰ সহায়ত পঢ়া
শুদ্ধ বুলি বিবেচিত
নহয় ।প্ৰকৃততে ভাৰতীয়
জ্যোতিষ শাস্ত্ৰত
চন্দ্ৰ ৰাশিক সৰ্বত্ৰ
গুৰুত্ব দিয়া
হৈছে।
মোৰ ৰাশি
কি হয় ,মই
সেই বিষয়ে কেনেকৈ
জানিম?
যদি আপুনি
নিজৰ ৰাশিৰ বিষয়ে
জ্ঞাত নহয় আৰু
নিজৰ ৰাশিৰ বিষয়ে
জানিবলৈ ইচ্ছু
তেন্তে এষ্ট্ৰোসেজৰ ৰাশি
কেলকুলেটৰৰ ব্যৱহাৰ
কৰি নিজৰ ৰাশি
গম পাব পাৰে।আপোনাৰ
ৰাশি জানিবৰ বাবে
জন্ম তাৰিখৰ আৱশ্যক
হব। ৰাশি কেলকুলেটৰৰ
দ্বাৰা আপুনি ৰাশি
জনাৰ লগতে নিজৰ
নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা
দশা ইত্যাদি বহুত
বিষয় সম্বন্ধে জ্ঞাত
হব পাৰিব।
দৈনিক ৰাশিফলৰ
গণনা কেনেকৈ কৰা
হৈছে?
ভাৰতীয় জ্যোতিষ
বিদ্যাত বৰ্তমান
গ্ৰহৰ স্থিতিক গোচৰ
বুলি কোৱা হয়।
আজিৰ ৰাশিফল গোচৰ
আধাৰিত হয় অৰ্থাৎ
ইয়াৰ ফলত দেখা
যায় যে আপোনাৰ
গ্ৰহ কত অৱস্থান
কৰি আছে ।আপোনাৰ
ৰাশিক লগ্ন মানি
তাত গোচৰৰ গ্ৰহ
ৰখাৰ পিছত যি
কুণ্ডলী তৈয়াৰ
হয় সেই কুণ্ডলী
ফলাফলৰ মুখ্য আধাৰ
হিচাপে পৰিগণিত হব।
ইয়াৰ উপৰিও পঞ্চাংগৰ
অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ
আৰু কৰন ইত্যাদিও
দেখিব পাৰি। ভৱিষ্যফল
লেখনত কুণ্ডলীত গ্ৰহৰ
স্থিতি আৰু দশা
ইত্যাদিৰ ব্যৱহাৰ
নহয়।
এই ৰাশিফল
একেবাৰে শুদ্ধ
নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
0 Comments