google-site-verification: googlea176fb3be094a239.html
আজি দিনৰ ৰাশিফল - Daily Horoscope in Assamese Wednesday, August 2, 2023
আজি দিনৰ ৰাশিফল - Daily Horoscope in Assamese Wednesday, August 2, 2023
আজি দিনৰ ১২ টা ৰাশিফলৰ বিষয়ে জনোৱা হৈছে
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, August 2, 2023)
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ'ব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।
চিকিৎসা :- যদি সম্ভৱপৰ হয় তেন্তে আহাৰ গ্ৰহণ কৰা সময়ত সোণৰ চামুচ ব্যৱহাৰ কৰক , এনে কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব।
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, August 2, 2023)
আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ'ব আৰু চিন্তা ধাৰাও সলনি কৰিব,ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আপুোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খঙ নামক ইন্দ্ৰীয়ক নিয়ন্ত্ৰণ কৰক। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব।
চিকিৎসা :- আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে শুদ্ধ কটন কাপোৰ আৰু ভূজীয়া সদৃশ খোৱাবস্তু দুখীয়া অথবা আৰ্থিক ভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক।
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, August 2, 2023)
কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে।আপুনি নিজৰ আদৰ্শ জলাঞ্জলী দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। যদি আপুনি নিজৰ পৰিকল্পনা সমূহ বেলগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ পৰিযোজনা সমূহ বেয়া কৰিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।
চিকিৎসা :- ভজা পিঠাগুৰি গুৰৰ লগত মিহলাই লৈ পৰুৱাক খুৱালে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, August 2, 2023)
আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আজি ৰোমাঞ্চৰ বাবে ভাল বতৰ নহয় কাৰণ আপোনাৰ প্ৰিয়জনৰ আজি অলপ অধিক আশাবাদী হোৱাৰ আশংকা আছে। আজি সেেই দিন কেইটাৰ মাজত পৰে যেতিয়া আপোনাৰ সৃজনাত্মক দক্ষতা চৰম সীমাত থাকে। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হব পাৰে ,কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়।
চিকিৎসা :- পৰিয়ালত সুখ শান্তি অটুট ৰাখিবলৈ হলে নিয়মিত ভাৱে ঔম গণ গনপতে নমঃ মন্ত্ৰ টো 11 বৰ উচ্চাৰণ কৰক।
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, August 2, 2023)
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব । ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হব পাৰে।
চিকিৎসা :- গণেশ মন্দিৰত লাৰু ভোগ হিচাপে অৰ্পন কৰাৰ পিছত বাকী থকা লাৰু দুখীয়া-নিছলা মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব।
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, August 2, 2023)
পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। আপোনাৰ ঘৰৰ মানুহ আপোনাৰ চেষ্টা আৰু সমৰ্পনক বহুত প্ৰশংসা কৰিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
চিকিৎসা :- পুৱা উঠাৰ লগে লগে ঔমঃ হনুমন্তে নমঃৰ ১১ বাৰ উচ্চাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ’ব।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, August 2, 2023)
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।
চিকিৎসা :- তামৰ অথবা সোণৰ পাত্ৰত ( যদিহে সম্ভৱ) পানী ৰাখি সেই পানীৰ সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱনৰ আৰম্ভ কৰক।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, August 2, 2023)
নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আপোনাাৰ প্ৰিয়জন আজি সুখত আছে আৰু আপোনাক সন্ধিয়াৰ সময়খিনিত তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব লাগে প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। আজিৰ দিনাখন কাম কৰি থকা সময়ত আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।
চিকিৎসা :- ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক।
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, August 2, 2023)
ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে, কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।
চিকিৎসা :- শুদ্ধ ৰূপেদি গঢ়োৱা খাৰু পৰিধান কৰিলে আপোনাৰ প্ৰেম জীৱন লাভদায়ক হ'ব পাৰে।
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, August 2, 2023)
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে ,আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খঙ কৰিব পাৰে। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব ,কাৰণ সম্ভৱ হব পাৰে যে আজি এইবোৰ সচাঁ হব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ চাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে ,কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব।
চিকিৎসা :- পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ পাকঘৰৰ ভিতৰত খালি ভৰিত ছোৱালী মানুহৰ চকীত বহি আহাৰ গ্ৰহণ কৰক।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, August 2, 2023)
কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ'লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ গিৰিয়েক অথবা ঘৈনীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপওনাৰ দিন অলপ সমস্যা জড়িত যাব পাৰে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।
চিকিৎসা :- ক্ৰিষ্টল ৰ উফাৰ প্ৰেমাস্পদে এজনে আনজনক উপহাৰ হিচাপে আগ বঢ়াব পাৰে , এনে কৰিলে আপোনালোকৰ সম্পৰ্ক অধিক ভাল হ'ব।
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, August 2, 2023)
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক ,ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। যদি আপুনি নিজৰ পৰিকল্পনা সমূহ বেলগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ পৰিযোজনা সমূহ বেয়া কৰিব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব ।
চিকিৎসা :- আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰংৰ বাহনৰ ব্যৱহাৰ কৰা শুভ।
দৈনিক ৰাশিফল (Daily Horoscope in Assamese)
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।
এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?
ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল একেবাৰে শুদ্ধ নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
1 Comments
Namaskar
ReplyDelete