google-site-verification: googlea176fb3be094a239.html দৈনিক ৰাশিফল - Daily Horoscope in Assamese Friday, June 30, 2023

দৈনিক ৰাশিফল - Daily Horoscope in Assamese Friday, June 30, 2023

 দৈনিক ৰাশিফল - Daily Horoscope in Assamese Friday, June 30, 2023

আজি দিনৰ ৰাশিফল

আজি দিনৰ ১২ ৰাশিফলৰ বিষয়ে জনোৱা হৈছে

Assamese rashifal

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Friday, June 30, 2023)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ সমস্যা সমূহ অতি গুৰুত্বপূৰ্ণ হব ,কিন্তু ওচৰে পাজৰে থকা লোক সমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব । সিহঁতৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হব পাৰে। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ'লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষ জনক ভাৱে পূৰণ হব । আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব।

চিকিৎসা :- মাংস, মদ, হিংসা , অন্যক কষ্ট দিয়া , নিন্দা এইবোৰ ত্য়াগ কৰিলে আপোনাৰ স্থিতি আৰ্থিক ভাৱে শুভ হ’ব।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Friday, June 30, 2023)

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। যদি প্ৰেমাস্পদক জীৱন্ সংগীৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতেৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।

চিকিৎসা :- গা-ধোৱা পানীত পৱিত্ৰ ঘাঁহ (কুশা) ৰ টুকুৰা মিহলাই লৈ গা ধোৱক , এনে নিতৌ কৰিলে ঘৰত সুখ আৰু আনন্দৰ আগমণ হয়।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Friday, June 30, 2023)

আপোনাৰ অতি সোনকালে দীৰ্ঘ দিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পুৰ্ণ ৰূপে সুস্থ হ'ব পাৰে,কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধানে থাকক ,যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।
চিকিৎসা :- অৰ্থনৈতিক ভাৱে পিছপৰা ঘৰৰ ছোৱালী বোৰক পায়স খুৱালে আপোনাৰ পৰিয়ালৰ সুখ বোৰ আকৌ ঘূৰি আহিব।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Friday, June 30, 2023)

অনিচ্ছাকৃত ভাৱে অহা চিন্তা ধাৰা সমূহ আপোনাৰ মগজুক নিয়ন্ত্ৰণ কৰিব নিদিব । শান্ত আৰু চিন্তিত নহ’বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।

চিকিৎসা :- স্বাস্থ্য লাভ ৰ বাবে কল গছৰ পূজা কৰক।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Friday, June 30, 2023)

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰকৰিবলৈ উপদেশ দিব। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।

চিকিৎসা :- আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা ঈৰ্ষা , অথবা হিংসা ত্যাগ কৰক।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Friday, June 30, 2023)

হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক ,কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয় কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈয়ো অধিক ভাল পায় । ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

চিকিৎসা :- সূৰ্যোদয়ৰ সময়ত ১৫ৰ পৰা ২০ মিনিট ৰ’দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Friday, June 30, 2023)

শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। যদি আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব।

চিকিৎসা :- আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুৰ খুৱাওক।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Friday, June 30, 2023)

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশু সকলৰ তাত এই ক্ষমতা প্ৰকৃতিয়ে দিয়া ,এই গুণ আপোনাৰ পৰিয়ালৰ লগতে পৃথিৱীৰ সকলোও শিশুৰ মাজতে প্ৰদত্ত। সিহতে আপোনাক সন্তুষ্টি আৰু শান্তি দিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজ ত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। সময়ৰ মূল্য বুজক , সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল । এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ ব্বিপদ মাতি আনিব পাৰে। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।

চিকিৎসা :- ভাল স্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল ৰাখক।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Friday, June 30, 2023)

শাৰীৰিক অৱস্থা ভাল হৈ থকা বাবে আপুনি যিকোনো খেলা ধুলাৰ প্ৰতিযোগিতাত ভাগ লব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

চিকিৎসা :- কোনোবা বৃদ্ধ ব্ৰাহ্মণক ভোজন কৰোৱালে আৰ্থিক স্থিতি ভালে থাকিব।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Friday, June 30, 2023)

মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।

চিকিৎসা :- ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট-দেৱতাৰ সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Friday, June 30, 2023)

আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

চিকিৎসা :- ভগৱানত বিশ্বাস ৰাখক আৰু মানসিক হিংসা ৰ পৰা দুৰত থাকক , এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকে ।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Friday, June 30, 2023)

নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। আপোনাৰ মগজু আজি কম-কাজত ব্যস্ত থাকিব ,যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।

চিকিৎসা :- কৰ্মক্ষেত্ৰ অগ্ৰগতি প্ৰাপ্ত কৰিবৰ বাবে সদায় সূৰ্য্য ৰ বাৰটা নাম স্মৰণ কৰি ল'ব ( মিত্ৰ, ৰবি, সূৰ্য, ভানু, খগ, পুষাণ, হিৰণ্য গৰ্ভ , মাৰিক, আদিত্য , স্বাভিতৰ ,আক্ৰ , ভাস্কৰ )।

দৈনিক ৰাশিফল (Daily Horoscope in Assamese)

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।

এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?

এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??

ৰাশিফলৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।

মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।

দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?

ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।

এই ৰাশিফল একেবাৰে শুদ্ধ নে?

ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments