google-site-verification: googlea176fb3be094a239.html ২২ এপ্রিল ২০২৩ ৰ ৰাশিফল অসমীয়া! অসমীয়া ৰাশিফল! দৈনিক ৰাশিফল অসমীয়া! Assamese rashifal today! Rashifal Assamese! Assamese Rakhi fol today! Rakhi fol assamese

২২ এপ্রিল ২০২৩ ৰ ৰাশিফল অসমীয়া! অসমীয়া ৰাশিফল! দৈনিক ৰাশিফল অসমীয়া! Assamese rashifal today! Rashifal Assamese! Assamese Rakhi fol today! Rakhi fol assamese

দৈনিক ৰাশিফল - Daily Horoscope in Assamese Saturday, April 22, 2023

আজি দিনৰ ৰাশিফল

আজি দিনৰ ১২ ৰাশিৰ বিষয়ে জনোৱা হৈছে

অসমীয়া ৰাশিফল

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, April 22, 2023)

কামৰ মাজঅত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। এনেকুৱা বন্ধুৰ কাষত যাওক ,যাক আপোনাৰ প্ৰয়োজন আছে। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। আজি বহুত ধুনীয়া দিন -চিনেমা, পাৰ্টী আৰু বন্ধুৰ লগত ঘুৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে।

চিকিৎসা :- গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পুৱা গাখীৰ খিনি ঢালক।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, April 22, 2023)

সফলতা ওচৰত থকা স্বত্ত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা কিন্তু সিহতঁৰ যত্ন লোওঁতে লোওঁতে নিজৰ শাস্থ্য বেয়া নকৰিব।

চিকিৎসা :- বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল ।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে।পূৰণা কথা সমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ পৰিয়ালৰ সদস্য সমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয় ,এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ স্বীকাৰ হব।

চিকিৎসা :- সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক ,আৰু গৰুক জোৱাৰৰ দানা দান কৰক।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে,যাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। কোনোবা এনে এজন ব্যক্তিৰ সান্নিধ্যত সময় অতিবাহিত কৰা যাক আপুনি পচন্দ নকৰে তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হব, সেইবাবে বহুত ভাৱি-চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ'লে আপোনাৰেই বাবে মংগল।

চিকিৎসা :- নিয়মিতভাৱে ঘৰত গংগাজল চটিয়াওক ১০৮ দিনলৈ তেতিয়াহ’লে পৰিয়ালত সুখ আৰু সম্বৃদ্ধি বৃদ্ধি পাব।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপোনাৰ উৰ্জা ব্যক্তিত্ব বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যি আপোনাৰ সমস্যা আৰু প্ৰয়োজন সমূহ বুজিব পাৰে। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব। নিজৰ কথা সমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনৰোচক কথা ক’ব পাৰে। মোৰ উপদেশ আপোনালৈ এয়ে উপদেশ যে এনেকুৱা নকৰিব।

চিকিৎসা :- সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কাপোৰ পৰিধান কৰিব তেতিয়াহ’লে অৰ্থ লাভত নিৰিবিচ্ছিন্ন্তা অব্যাহত থাকিব।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। আজি সপোনৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে , আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব।

চিকিৎসা :- শান্তিপূৰ্ণ মানসিক অৱস্থাৰ বাবে চিকিৎসালয়ৰ ৰোগী বোৰক সহায় কৰক।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, April 22, 2023)

মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতে আপোনাৰ বেয়া ভাৱে লাভ উঠাব বিচাৰিব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক। আপোনাৰ চিন্তা ধাৰাৰ পৰাই আপোনাৰ পৃথিৱী খন গঠন হয় ,ভাল কিতাপ এখন পঢ়ি আপুনি নিজৰ চিন্তা ধাৰা অধিক শক্তিশালী কৰিব পাৰে ।
চিকিৎসা :- পৰিয়ালত সুখ আৰু সম্বৃদ্ধি অটুট ৰাখিবৰ বাবে মাকক বহুত সন্মান আৰু মৰম কৰিব।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, April 22, 2023)

আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক ,এনেকৈ নাপতিলে বিনাকৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ’ব পাৰে। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। আপোনাৰ ভৱিষত্যৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন,কাৰণ আপোনাৰ ওচৰত অলপ ভাল কৈ আজৰি সময় আছে ,কিন্তু পৰিকলল্পনা ব্যৱহাৰিক ৰাখিলে ভাল ,কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে।

চিকিৎসা :- আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। বহুতদিনৰ পৰা ৰৈ থকা ঘৰুৱা কাম সমূহ আপোনাৰ জীৱন-সংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান মিহলি হৈ যাব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। নিবনুৱা সকলৰ আজি মন পচন্দৰ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে।

চিকিৎসা :- নিমৰ ডালেদি দাঁত চাফ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ’ব।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, April 22, 2023)

কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানী দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আতৰি ফুৰক কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব ,আপোনাৰ ব্যস্ত দিনযোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে -কামে লাগি দিয়ক, ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আতৰ কৰিব। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। ঘৰৰ বাহিৰত ওলোৱা সময়ত নিজৰ জৰুৰী বস্তু বোৰ এবাৰ আকৌ পৰীক্ষা কৰি লওক।

চিকিৎসা :- নিজৰ ওজনৰ সম-পৰিমাণৰ বাৰ্লি কোনোবা গো-শালাত দান কৰিলে সুস্বাস্থ্য অটুট থাকিব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, April 22, 2023)

ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। ডাক অথবা পোষ্ট অফিচৰ দ্বাৰা লাভ কৰা যিকোনো মহত্বপূৰ্ণ বাৰ্তা অথবা খবৰ আপোনাৰ আৰু আপোনাৰ সম্পুৰ্ণ পৰিয়ালৰ বাবে সুখৰ বতৰা লৈ আহিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। মিডিয়া ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব।
চিকিৎসা :- আহত গছত পানী অৰ্পন কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, April 22, 2023)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হব পাৰে। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে।

চিকিৎসা :- সূৰ্যোদয়ৰ সময়ত ১৫ৰ পৰা ২০ মিনিট ৰ’দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব।

দৈনিক ৰাশিফল (Daily Horoscope in Assamese)

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। astrosage.com ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।

এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?

ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।

এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??

ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।

মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।

দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?

ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।

এই ৰাশিফল একেবাৰে শুদ্ধ নে?

ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments