google-site-verification: googlea176fb3be094a239.html অসমীয়া ৰাশিফল -Assamese Rashifal - Daily Horoscope in Assamese - rakhi fol

অসমীয়া ৰাশিফল -Assamese Rashifal - Daily Horoscope in Assamese - rakhi fol

 

Assamese Rashifal

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

অসমীয়া ৰাশিফল

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, March 20, 2024)

ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপ ত শক্তিশালী কৰিব কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। সামাজিক সমাৰোহ ত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। যি কাম আপুুনি কৰিছে ,তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব।

চিকিৎসা :- যিবোৰ ঠাইত পানীৰ বহুত সমস্যা, সেইবোৰ ঠাইত বিনামূলীয়া পানী বিতৰণ কেন্দ্ৰ এটাৰ স্থাপনা কৰক , এনেকুৱা সমাজৰ হৈ কাম কৰিলে শনি প্ৰসন্ন হব আৰু কাৰ্যালয়ত আপোনাৰ সুনাম হব।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, March 20, 2024)

বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। ৰোমাঞ্চৰ বাবে আগ-বঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। অন্য ই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে , সিহঁতক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয় আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।

চিকিৎসা :- সোণৰ আঙুঠিত মংগল যন্ত্ৰ খোদাই কৰি ধাৰণ কৰিলে স্বাস্থ্যৰ বাবে শুভ হয়।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, March 20, 2024)

বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।

চিকিৎসা :- এটা মধুৰতম আৰু সফল প্ৰেমৰ সম্পৰ্কৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰং ৰ বস্ত্ৰ অথবা ফেব্ৰিক বিতৰণ কৰক।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, March 20, 2024)

ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। অপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব ,যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।

চিকিৎসা :- সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হনুমান চালিচা পাঠ কৰিব

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, March 20, 2024)

ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।

চিকিৎসা :- পনীয়া বস্তুৰ সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, March 20, 2024)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।

চিকিৎসা :- আৰ্থিকৰূপে সফল হ’বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পখীক খুৱাওক।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, March 20, 2024)

প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ'লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ'ব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

চিকিৎসা :- কৰ্মক্ষেত্ৰ ত সাফল্য অর্জন ৰ বাবে ঘৰ পৰা বাহিৰ ওলোৱাৰ সময়ত পানীত গুৰ মিহলাই লৈ খাব।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, March 20, 2024)

সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। বৰিষ্ঠ আৰু পৰিয়ালৰ সদস্য সমূহে আপোনাক বহুত স্নেহ কৰিব লগতে বহুত যত্নশীল হব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । যদি আপুনি অনুভৱী মানুহৰ উপদেশ মানি লয় আৰু আপোনাৰ কামত নতুন চিন্তাৰ প্ৰয়োগ কৰিব তেন্তে লাভ প্ৰাপ্ত হব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব।

চিকিৎসা :- সবল আৰ্থিক স্থিতি বজাই ৰাখিবৰ বাবে সদায় আহাৰ গ্ৰহণ কৰাৰ আগত ভৰি-হাত ধুই ল’ব আৰু যদি এইখিনি কৰা সম্ভৱ নহয় তেন্তে জোতা-চেন্দেল খুলি আহৰ গ্ৰহণ কৰিব।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, March 20, 2024)

আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আনকি জীৱনটোৰ আয়ু কম কৰি দিব। যিবোৰ মানুহ পইচা ধাৰে ল'বলৈ আপোনাৰ কাষ চাপে ,তেখেত সকলক এৰাই চলক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। আপোনাৰ জীৱন সংগী বহুত সহযোগী আৰু সহায়কাৰী হব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।

চিকিৎসা :- ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্যক অলপ সময় অপলক নেত্ৰে চাই সূৰ্যমন্ত্ৰ (ঔমঃ ঘূণি সূৰ্যায় নমঃ) পাঠ কৰিব।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, March 20, 2024)

বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। মাৰ্কেটিং ৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষা ফলভূত হব পাৰে , ইয়াৰ ফলত আপুনি বহুত আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে পোৱা আটাইবোৰ সমস্যা শেষ হৈ যাব। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।

চিকিৎসা :- নিজৰ ইষ্ট-দেৱতা হালধীয়া ফুল অৰ্পন কৰক ইয়াৰ ফলত আৰ্থিক স্থিতি ভালে থাকিব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, March 20, 2024)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।

চিকিৎসা :- কেচাঁ গোটা হালধি বহমান পানীত প্ৰবাহিত কৰিলে আপোনাৰ প্ৰেম জীৱনৰ সকলো বাধা আৰু সমস্যা সমাধান হ'ব পাৰে।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, March 20, 2024)

বন্ধুৰ লগত গধূলিৰ সময়খিনি ভাল্ভাৱে কাটিব কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজন সমূহৰ সন্মূখত মূৰ নত নকৰিব। আপোনাৰ সকলোতকৈ ভাল সুযোগ নতুন লোকৰ মাধ্যমেদি প্ৰাপ্ত হব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।

চিকিৎসা :- লোৰ পাত্ৰত পানী খোৱাটো প্ৰেম সম্পৰ্ক ৰ বাবে অতি শুভ।


দৈনিক ৰাশিফল (Daily Horoscope in Assamese)


বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।

এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??

এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।


মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?


যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।


দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?


ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।


এই ৰাশিফল একেবাৰে শুদ্ধ নে?


ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments