google-site-verification: googlea176fb3be094a239.html অসমীয়া ৰাশিফল -Assamese Rashifal - Daily Horoscope in Assamese - rakhi fol

অসমীয়া ৰাশিফল -Assamese Rashifal - Daily Horoscope in Assamese - rakhi fol

 

Assamese Rashifal

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

Rakhi fol

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, March 24, 2024)

জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদ্যদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ’ব পাৰে।

চিকিৎসা :- সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, March 24, 2024)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোক সকল আপোনাক সহায়ৰ হাত আগ বঢ়াব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত,কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাক্ষ কৰিলে আপোনাৰ লোকচান হব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।

চিকিৎসা :- প্ৰেমিক আৰু প্ৰেমিকাই পৰস্পৰে পৰস্পৰক সেউজীয়া ৰং ৰ কাপোৰ উপহাৰ হিচাপে আগ বঢ়াব পাৰে, এনেকৈ মৰমৰ আদান-প্ৰদান কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ আৰু সপোনেৰে ভৰি উঠিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, March 24, 2024)

আজি আপুনি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু এনেকুৱা কাম কৰক যি কৰি আপুনি ভাল পায়। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপ্নাক বহুত লাভ দিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। আজি লোকৰ মাজত নিজকে নিসংগ অনুভৱ কৰিব।

চিকিৎসা :- ইষ্ট দেৱতাৰ সোণ ৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰি নিয়মিতৰূপে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখৰ নদী নামি আহে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, March 24, 2024)

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।

চিকিৎসা :- মাংস, মদ, হিংসা , অন্যক কষ্ট দিয়া , নিন্দা এইবোৰ ত্য়াগ কৰিলে আপোনাৰ স্থিতি আৰ্থিক ভাৱে শুভ হ’ব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, March 24, 2024)

আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হব,যেনেকুৱা আপুনি আশা কৰিছিল। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।

চিকিৎসা :- মাংস, মদ, হিংসা , অন্যক কষ্ট দিয়া , নিন্দা এইবোৰ ত্য়াগ কৰিলে আপোনাৰ স্থিতি আৰ্থিক ভাৱে শুভ হ’ব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, March 24, 2024)

বহুত বেছি মানসিক হেচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হব পাৰে।। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। আপোনাক সম্পুৰ্ণ আশ্চৰ্যত ৰাখি আপোনাৰ ঢাল হৈ আপোনাৰ ভাই/ককায়েক আপোনাৰ সন্মুখত আহিব। আপুনি পৰস্পৰে পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগত মিলি কাম কৰাটো জৰুৰী,মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰ বিন্দু হয়। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। যোৱাকেইদিন ধৰি আপোনাৰ জীৱন টো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। প্ৰয়োজনতকৈ অধিক শোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া ,সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক।

চিকিৎসা :- ভাল স্বাস্থ্যৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, March 24, 2024)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক ,এনেকৈ নাপতিলে বিনাকৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ’ব পাৰে। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।

চিকিৎসা :- যিকোনো ধাৰ্মিক স্থানত বগা-ক’লা তিল আৰু সাত প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, March 24, 2024)

অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। কষ্টৰ দিন এতিয়া সমাপ্ত হ’ল, এতিয়া নিজকে নতুন দিশ দিয়াৰ কথা চিন্তা কৰক।

চিকিৎসা :- স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰা সময়ত তাম অথবা সোণৰ (যদি সম্ভৱ) চামুচ ৰ ব্যৱহাৰ কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, March 24, 2024)

নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণ অদ্ভুত হ’ব। আপোনা কাম চাই আজি আপোনাৰ বচ বহুত সুখী হ’ব ।

চিকিৎসা :- জেপত সেউজীয়া ৰং ৰ ৰুমাল ৰখাটো আৰ্থিক পক্ষৰ বাবে শুভ।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, March 24, 2024)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব। নিজৰ ফট'গ্ৰাফীৰ গুণ্টোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবি বোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব।

চিকিৎসা :- ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, March 24, 2024)

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ বন্ধু আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হব। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। অকৰ্মণ্যতাইপতনৰ মূল ,ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ ক্কৰিবলৈ সক্ষম হব।

চিকিৎসা :- পৰিয়াল ত শান্তি প্ৰাপ্তি ৰ বাবে ঘিউ আৰু কৰ্পূৰ কোনোবা পৱিত্ৰ স্থানত দান কৰক।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, March 24, 2024)

ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ ছাহ খোৱাতকৈ অধিক সতেজ অনুভৱ কৰিব।

চিকিৎসা :- বেটাৰীৰে চলা পুতলা আৰু খেলা-বস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক।


দৈনিক ৰাশিফল (Daily Horoscope in Assamese)


বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।


ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।


এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??


এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।


মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?


যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।


দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?


ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।


এই ৰাশিফল একেবাৰে শুদ্ধ নে?


ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments