google-site-verification: googlea176fb3be094a239.html
দৈনিক ৰাশিফল - Daily Horoscope in Assamese - rakhi fol
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, March 16, 2024)
নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। দিনটোক বিশেষ কৰি তুলিবৰ বাবে সন্ধিয়া সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। আজিৰ প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। গান গালে আৰু নাচিলে আপুনি হতাশাৰ পৰা পৰিত্ৰাণ পাব পাৰে ,যিটো আপুনি এসপ্তাহৰ পৰা সহ্য কৰি আছিল।খুৱাওক।
চিকিৎসা :- প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক।
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, March 16, 2024)
ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময়ৰ সদ ব্যৱহাৰ কৰক। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দূৰ্বল কৰি তুলিব পাৰে ,এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহব । নিজৰ ফট'গ্ৰাফীৰ গুণ্টোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবি বোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব।লাভজনক।
চিকিৎসা :- গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক।
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, March 16, 2024)
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে , অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ শাস্থ্যৰ কথা চিন্তা কৰাটোহে বেচি প্ৰয়োজনীয়। সামাজিক সমাৰোহ ত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰলগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। বহুত মনোযোগেৰে কাম কৰক তাতোকৈ ফূৰ্তিৰে পাৰ্টী কৰক -এইটো চাব গ'লে আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টী কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব।কৰক।
চিকিৎসা :- জীৱনত সফল হবলৈ সূৰ্যমুখী ফুল ৰুই তাৰ প্ৰতিপালন কৰক।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, March 16, 2024)
আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেইকাম কাইলৈ বুলি পেলাই নথ’লেই আপোনাৰ বাবে ভাল।কৰক।
চিকিৎসা :- প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ কৰিবৰ বাবে যিকোনো শনি মন্দিৰত তেল আৰু প্ৰসাদ নিবেদন কৰক।
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, March 16, 2024)
ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। মনৰ কথাসমূহ প্ৰকাশ কৰাটো বহুত জৰুৰী ,ইয়াৰ ফলত প্ৰেমত গভীৰতা বাঢ়ে।কৰক।
চিকিৎসা :- আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক।
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, March 16, 2024)
স্বাস্থ্য ভালে থাকিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপোনাৰ উচ্চাকাংক্ষা সমূহক ডাঙৰ কাৰোবাৰ লগত ভাগ-বতৰা কৰক ,যি জনে আপোনাক সহায়ৰ হাত আগ বঢ়াব পাৰে। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। জীৱন সংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। ভাল টোপনী ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী , আপুনি অলপ অধিক সময় শুব পাৰে।ৰাশ
চিকিৎসা :- প্ৰেমাস্পদক বগা ফুল যেনে বগা গোলাপ , শেৱালি ফুল ইত্যাদি উপহাৰ হিচাপে আগ বঢ়ালে আপোনাৰ প্ৰেম জীৱন বহুত ভাল হৈ উঠিব।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, March 16, 2024)
অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। বহুত মানুহৰ বাবে আজিৰ ৰোমাণ্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।কৰক।
চিকিৎসা :- আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে শুদ্ধ কটন কাপোৰ আৰু ভূজীয়া সদৃশ খোৱাবস্তু দুখীয়া অথবা আৰ্থিক ভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, March 16, 2024)
আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয় ,এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ স্বীকাৰ হব।হব।
চিকিৎসা :- ৰূপৰ গহনা অধিক ব্যবহাৰ কৰিলে জীৱনত সুখ শান্তি প্ৰাপ্তি হব।
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, March 16, 2024)
আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠীৰ ধন বেলেগক দিব নালাগে, নহলে আহিবলগীয় সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মূখীন হব পাৰে। পূৰ্ব পূৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত খঙ কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক কবলৈ পাহৰি গৈছে। কাকো লগ নোপোৱাকৈ আপোনাৰ আজি গোটেই দিন আনন্দৰ মাজেদি পাৰ হ’ব।কৰক।
চিকিৎসা :- নিজৰ আৰ্থিক অৱস্থা দ্ৰুত উন্নয়নৰ বাবে ভগৱান ভৈৰৱৰ মন্দিৰত গৈ বন্দনা কৰক।
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, March 16, 2024)
স্বাস্থ্য ভালে থাকিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে।পাৰে।
চিকিৎসা :- সেউজীয়া মগুদি নিৰ্মিত মিঠাই অথবা লাৰু ভগৱান গণেশৰ মন্দিৰত নিবেদন আৰু শিশুসকলৰ মাজত বিতৰণ কৰিলে প্ৰেমত বহুত স্মৰণীয় মুহুৰ্ত আপুনি বনাব পাৰে।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, March 16, 2024)
আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। এই ৰাশিৰ কিছুুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হব পাৰে। অন্য মানুহ আপোনাক আশা আৰু সপোন দিব ,কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব , দিনৰ আৰম্ভণি হব আপোনাৰ প্ৰিয়জনৰ এক হাহিঁদি আৰু ৰাতিৰ সমাপ্ত হব এই সপোনেদি । যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে সিহতঁ আজি খালী সময়ত ঘৰৰ মানুহৰ লগত ক্থা পাতিব পাৰে। ক্থা পাতি থাকোতে আপুনি ভাবুক হৈ যাব পাৰে। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হব। আপুনি অকল বৈবাহিক জীৱন ৰ যোজনা সমূহত তেখেতক সহায় কৰিলে হল। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।হব।
চিকিৎসা :- ৰঙা কাপোৰত দুই মুঠি মছুৰ দালি বান্ধি লৈ কোনোবা দুখীয়া মানুহক আগ বঢ়ালে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক জীৱন সুখময় হব।
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, March 16, 2024)
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। নক্ষ ত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব ,অকল এইটো কথা মনত ৰাখিব যে যিকোনো বস্ত আৱশ্যকতকৈ অধিক হোৱাটো ভাল নহয়।
চিকিৎসা :- আৰ্থিক স্থিকি শক্তিশালী কৰিবলৈ হাতত সোণৰ আঙুঠি জৰুৰ পিন্ধক।
দৈনিক ৰাশিফল (Daily Horoscope in Assamese)
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।
এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?
ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল একেবাৰে শুদ্ধ নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
0 Comments