google-site-verification: googlea176fb3be094a239.html অসমীয়া ৰাশিফল, Assamese Rashifal, Today Rakhifol, Assamese Rakhifol, Saturday December 30-2023,

অসমীয়া ৰাশিফল, Assamese Rashifal, Today Rakhifol, Assamese Rakhifol, Saturday December 30-2023,

অসমীয়া ৰাশিফল, Assamese Rashifal, Today Rakhifol, Assamese Rakhifol, Saturday December 30-2023,

অসমীয়া ৰাশিফল

আজি দিনৰ ১২ ৰাশিফলৰ বিষয়ে উল্লেখ কৰা হৈছে

Rakhifol

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, December 30, 2023)

আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘুৰাই পাব। এই দিিনটো বন্ধু অথবা পৰিয়ালৰ লগত শ্বপিং কৰিব গৈ অলপ ফুৰ্তি কৰাৰ ,অকল নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়া উচিত হব।হয়।

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- যিকোনো কামৰ বাবে বাহিৰত যোৱা সময়ত কপালত ৰঙা টিকা পৰিধান কৰি গ’লে আৰ্থিল পক্ষ সবল হয়।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, December 30, 2023)

আপোনাৰ শাৰীৰিক আৱস্থা ভাল কৰিবৰ বাবে সুষোম আহাৰ গ্ৰহণ কৰক। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়ত কৰা বজাৰে আপোনাক বহুত আনন্দ আৰু ৰোমাঞ্চকৰ হব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।

শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- বট গছৰ শিপাত গখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক ,এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, December 30, 2023)

আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হব ,কাৰণ দৌৰাতো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামও হয়।পৰিব।

শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- বট গছৰ শিপাত গখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক ,এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, December 30, 2023)

শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।খুৱাওক।

শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
চিকিৎসা :- আৰ্থিকৰূপে সফল হ’বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পখীক খুৱাওক।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, December 30, 2023)

অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। সাধাৰনতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে কিন্তু আজি আপুনি কোনোবা অভাৱীলোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। একো কামে অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনশক্তি গোটাই লৈছে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেইকাম কাইলৈ বুলি পেলাই নথ’লেই আপোনাৰ বাবে ভাল।ব।

শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- ঔমঃ শুক্ৰায় নমঃ এই মন্ত্ৰৰ জাপ ১১ বাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, December 30, 2023)

আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে।বঢ়াওক।

শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- জীৱনত ধনাত্মক চিন্তা আনিবলৈ দুখীয়া আৰু প্ৰয়োজনত থকা মহিলাসমূহক সহায়ৰ হাত আগ বঢ়াওক আৰু অপৰিসীম সেৱা আগ বঢ়াওক।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, December 30, 2023)

সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব।কৰক

শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- বিবাহিত জীৱন সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোঁহালি ত সেউজীয়া ঘাঁহ আৰু গৰুৰ দানা দান কৰক

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, December 30, 2023)

আপোনাৰ হাস্য মধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব কাৰণ অপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে, আনন্দ এক অন্তৰ্নিহিত অনুভৱ যিয়ে অপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । মিডিয়া ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব।ব।

শুভ ৰং :- মাখন আৰু বগা
চিকিৎসা :- কাঁহৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতি সবল হ’ব।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, December 30, 2023)

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। বন্ধু ৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হব পাৰে।কিন্তু ফোনত বহুত সময় কথা পাতি থকা বাবে আপোনাৰ মূৰৰ বিষ হব পাৰে।থাকিব।

শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- শাক-পাচলি অথবা ফল-মূল আৰু ৰুটি আদি ৰাখিবলৈ বাঁহ , বেত অথবা আন এনে জাতীয় বস্তুৰে নিৰ্মিত পাচি অথবা ট্ৰে ব্যৱহাৰ কৰক । এই দৈনিক কামবোৰৰ পৰাই ঘৰত সুখ-শান্তি অটুট থাকিব।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, December 30, 2023)

চকুৰ বেমাৰীসকল প্ৰদূষত্ত ঠাইত যোৱাৰ পৰা সাৱধান হওক ,কাৰণ ধোৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাৰ চক্কুত অধিক ক্ষতি কৰিব পাৰে, যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুক বচাই ৰাখক। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। আপুোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব। আজি আপোনাৰ আত্ম বিশ্বাস দুৰ্বল হব পাৰে। ইয়াৰ কাৰণ হ’ল আপোনাৰ দুৰ্বল ৰুটিন।কৰিব।

শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- দুখীয়াৰ মাজত গাখীৰৰ পেকেট বিতৰণ কৰিলে মানসিক সন্তুষ্টি লাভ কৰিব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, December 30, 2023)

স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তু সমূহ ব্যৱস্থিত ৰূপত ৰাখক। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। সমস্যা সমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।

শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- স্বেত পুষ্প কিছুমান পইচা সহিত পানীত প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, December 30, 2023)

আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। ৰোমাঞ্চ অধিক আনন্দায়ী আৰু ৰোমাঞ্চকৰ হব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।

শুভ ৰং :- ক'লা আৰু নীলা
চিকিৎসা :- সৰ্পকাৰ আঙুঠি পৰিধান কৰিলে পাৰিবাৰিক জীৱনত সুখ লাভ হব।

দৈনিক ৰাশিফল (Daily Horoscope in Assamese)

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।

এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??

এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।

মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।

দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?

ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।

এই ৰাশিফল একেবাৰে শুদ্ধ নে?

ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments