google-site-verification: googlea176fb3be094a239.html
অসমীয়া ৰাশিফল - Today Rashifal Assamese - Rakhifol Wednesday August 9 2023
অসমীয়া ৰাশিফল Today Rashifal Assamese, Rakhifol Wednesday, August 9, 2023
আজি দিনৰ ১২ টা ৰাশিফলৰ বিষয়ে জনোৱা হৈছে
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday, August 9, 2023)
আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি তুলিব পাৰে। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। কাম-কাজ ৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।
চিকিৎসা :- সাধু-সন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰালে স্বাস্থ্য ভাল থাকিব।
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Wednesday, August 9, 2023)
আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
চিকিৎসা :- কোনো মাটিৰ কলহত জমা কৰা পইচা কোনোবা তীৰ্থযাত্ৰী অথবা শিশুক দান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে শুভ হ’ব।
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Wednesday, August 9, 2023)
আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হব । যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে আপুনি বহুত বেছি নিঃ সংগ ,সহকৰ্মী আৰু সহযোগী আপোনাক সহায় কৰিব আহিব কিন্তু আপোনাক অধিক সহযোগ আগ -বঢ়াব নোৱাৰিব। খালি সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।
চিকিৎসা :- ঘৰত একোৰিয়াম এটা স্থাপন কৰি মাছবোৰক দানা খুৱাঁলে ধনৰ বৃদ্ধি হ’ব।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Wednesday, August 9, 2023)
বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। এনেকুৱা কাাম কৰক যিবোৰ কৰি আপুনি বহুত সুখ অনুভৱ কৰে, কিন্তু বেলেগৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব ,কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব । জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।
চিকিৎসা :- আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে বগা ৰঙৰ শহাপহুক ভোজন কৰাওক।
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Wednesday, August 9, 2023)
ভাল খবৰ এটা পাব পাৰে। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। বিবাহ-প্ৰস্তাৱৰ বাবে এয়াই ভাল সময় ,কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰা লৈ সলনি হব পাৰে। অতীত ত কৰা কাম আজি পৰিণাম আৰু পুৰস্কাৰ লৈ আহিব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
চিকিৎসা :- গা ধোৱা পানীৰ লগত হালধি আৰু গাখীৰ মিহলি কৰি লৈ গা ধুওক , এনে কৰিলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হব।
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Wednesday, August 9, 2023)
সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব ,কাৰণ সম্ভৱ হব পাৰে যে আজি এইবোৰ সচাঁ হব। কামত আপুনি অধিক লাভান্বিত হব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।
চিকিৎসা :- ফিটকিৰীৰে দাঁত চাফা কৰিলে আৰ্থিক স্থিতিত শক্তিশালী হ’ব।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday, August 9, 2023)
আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে ,যাৰ বাবে আজি গোটেই দিন বেয়া ভাৱে অতিবাহিত হব পাৰে।
চিকিৎসা :- গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খুৱালে আপোনাৰ প্ৰেম জীৱন বহুত সহজ আৰু শক্তিশালী হৈ উঠিব।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Wednesday, August 9, 2023)
সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিবাৰু বহুত সতেজ অনুভৱ কৰিব। নিজৰ দৈনিন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হব পাৰে আৰু আপুনি আলোচনাৰ সন্মূখীনো হব পাৰে। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব।
চিকিৎসা :- প্ৰেম জীৱন অধিক সহজ আৰু মসৃণ কৰিবৰ বাবে দুখীয়া মানুহক জোতা প্ৰদান কৰক।
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Wednesday, August 9, 2023)
আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় ,যি চুই দিয়াৰ লগত ফুটি যায়। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। কাম-কাজৰ দিশত আজিৰ দিন বহুত ভাল হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে । সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মুল্যৱান সময় বৰবাদ কৰি দিলে। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।
চিকিৎসা :- নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক তেতিয়াহ’লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব।
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Wednesday, August 9, 2023)
ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক সু-দৃঢ় কৰিব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।
চিকিৎসা :- একমুখী ৰুদ্ৰাক্ষ ক বগা সূতাত ধাৰণ কৰিলে আৰ্থিক স্থিতি শক্তিশালী হ’ব।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Wednesday, August 9, 2023)
পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।
চিকিৎসা :- হস্পিতালত ৰোগী ৰ সহায় কৰিলে পাৰিবাৰিক জীৱন ভালভাৱে চলিব।
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday, August 9, 2023)
সেই ভাৱনা সমূহক চিনাক্ত কৰক,যি আপোনাক প্ৰেৰণা দিব পাৰে ।ভয়,শংকা আৰু লোভ যেনেকুৱা নঞাৰ্থক ভাৱনা সমূহ এৰক কাৰণ এই চিন্তা সমূহ যিবোৰ বস্তুক আকৰ্ষিত কৰে যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আপোনাৰ প্ৰপ্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। অফিচত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে ,সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।
চিকিৎসা :- ব্যৱসায় আৰু কৰ্ম জীৱনত ধনাত্মকতা আনিবৰ বাবে ঘৰখনৰ ওপৰৰ শ্বেফ সমূহত তথা ষ্টৰৰুমত লো অথবা আইৰণ ৰ অলাগতিয়াল বস্তু আৰু আৱৰ্জনা জমা হব নিদিব।
দৈনিক ৰাশিফল (Daily Horoscope in Assamese)
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।
এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?
ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল একেবাৰে শুদ্ধ নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
0 Comments