google-site-verification: googlea176fb3be094a239.html
অসমীয়া ৰাশিফল Assamese Rashifal Today Rakhifol Thursday, August 17, 2023
আজি দিনৰ ১২ টা ৰাশিফলৰ বিষয়ে জনোৱা হৈছে
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, August 17, 2023)
নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। যি নিজৰ কামক লৈ একাগ্ৰ হব সিহঁতে পুৰস্কাৰ লাভ কৰাৰ লগতে লাভন্বিতও হব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে।
চিকিৎসা :- তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউলে দি ধুই মাটীত পুতি থওক, আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক ,এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব।
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, August 17, 2023)
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা-পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হব। ৰোমাাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।
চিকিৎসা :- এটা বৰ্গাকাৰ তামৰ টুকুৰাত কেশৰ লগাই ৰঙা ৰংৰ কাপোৰত বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এৰাবাৰীত পুতি থৈ দিয়ক , এনে কৰিলে আপোনাৰ পৰিয়ালত সুখ-শান্তি বাহাল থাকিব।
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, August 17, 2023)
আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিব বাবে বহুত সময় পাব আপুনি ,কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।
চিকিৎসা :- প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, August 17, 2023)
ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খঙ উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে ।শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। মাৰ্কেটিং ৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষা ফলভূত হব পাৰে , ইয়াৰ ফলত আপুনি বহুত আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে পোৱা আটাইবোৰ সমস্যা শেষ হৈ যাব। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব।
চিকিৎসা :- গাখীৰ, দৈ,ঘিউ, কৰ্পুৰ , বগা সুগন্ধিত ফুল দান কৰিলে স্বাস্থ্যৰ পক্ষে খুবেই ভাল।
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, August 17, 2023)
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা কব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।
চিকিৎসা :- ৰূপ্ৰ টুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ’ব।
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, August 17, 2023)
আপোনাৰ জীবনক চিৰ স্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।
চিকিৎসা :- প্ৰেম জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবৰ বাবে সপ্তাহত যিকোনো এদিন নিমখ নিদিয়াকৈ আহৰ গ্ৰহণ কৰক।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, August 17, 2023)
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ মগজু আজি কম-কাজত ব্যস্ত থাকিব ,যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
চিকিৎসা :- চাকৰি তথা ব্যৱসায়ত লাভৱান হবলৈ এই মন্ত্ৰৰ ( অৰ্ধকায় মহাবীৰ্য চন্দ্ৰাদিত্যবিনৰ্দনম । সিনহিকাগৰ্ভসম্ভূতম তন ৰাহু প্ৰণামময়হম) জাপ ৰাতি ১১ বাৰ কৈ কৰক।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, August 17, 2023)
সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেপৰোৱা স্বভাৱক বৰ্জন কৰক,কাৰণ ইয়াৰ ফলত অকল সময় বৰ্বাদ হয়। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘুৰাই পাব।
চিকিৎসা :- গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পুৱা গাখীৰ খিনি ঢালক।
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, August 17, 2023)
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাৱি লওক।যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। বন্ধু আপোনাক প্ৰশংসা দি ডুবাই দিব কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষিকৰণ কৰিব পাৰে ,আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।
চিকিৎসা :- ন-বছৰীয়া কন্যাৰ মাজত খোৱাৰ সামগ্ৰী বিতৰণ কৰিলে পাৰিবাৰিক সুখ বাঢ়িব।
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, August 17, 2023)
প্ৰেম, উদ্দীপনা , সহানুভূতি , আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনা সমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণ সমূহ আপোনাৰ মাজত থাকি যায় তেতিয়া হ'লে এই গুণ সমূহ যিকোনো সময়ত ধনাত্মক ভাৱে প্ৰকাশ হ'ব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তা ধাৰা লাভ কৰিব পাৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োঅজন অনুভৱ কৰিব পাৰে।
চিকিৎসা :- তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, August 17, 2023)
যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। ঘৰত সিচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।
চিকিৎসা :- তামৰ অথবা সোণৰ পাত্ৰত ( যদিহে সম্ভৱ) পানী ৰাখি সেই পানীৰ সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱনৰ আৰম্ভ কৰক।
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, August 17, 2023)
যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক,কাৰণ দূৰণি বটীয়া যাত্ৰাৰ বাবে আপুনি বহুত দূৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।
চিকিৎসা :- ভাল স্বাস্থ্যৰ বাবে মা , আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক।
দৈনিক ৰাশিফল (Daily Horoscope in Assamese)
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhi-fol.in ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।
এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?
ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল একেবাৰে শুদ্ধ নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
0 Comments