google-site-verification: googlea176fb3be094a239.html Rakhi fol 26 January 2023/Assamese Rashifal 26 January 2023/Rakhi fol Today rashifal today

Rakhi fol 26 January 2023/Assamese Rashifal 26 January 2023/Rakhi fol Today rashifal today

 দৈনিক ৰাশিফল - Daily Horoscopes in Assamese Thursday, January 26, 2023

Assamese rashifal

আজি দিনৰ ১২ টা ৰাশিৰ বিষয়ে জনোৱা হৈছে

ৰাশিফল
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, January 26, 2023)

আলস্য জীবনত এক বিষৰ দৰে কাম কৰে সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। আজি আপুনি য'তে যাব মানুহৰ মাজত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। এটা গুৰুত্বপূৰ্ন কাম,যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আজি স্থগিত হব পাৰে। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।

চিকিৎসা :- আৰ্থিক অৱস্থাৰ উত্থান ঘটিব যদিহে আপুনি নাবালিক আৰু মহিলাক সন্মান কৰে।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, January 26, 2023)

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। যাক আপুনি ভাল পায় ,সিহতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন । প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক । আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে।

চিকিৎসা :- অনন্তমূলৰ শিপা ৰঙা কাপোৰত বান্ধি নিজৰ ওচৰত ৰাখিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, January 26, 2023)

আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিন বোৰত আপোনাৰ কৰি অহা কষ্ট সমূহ সফল হব। বিপদৰ সময়ত পৰিয়াল ৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে,এয়া আপোনাৰ আত্ম-বিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। যদি আপুনি বিদেশত চাকৰি কৰিবৰ বাবে আবেদন কৰিব বিচাৰে ,তেন্তে আজিৰ দিনটো বহুত ভাল হয়। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।

চিকিৎসা :- তেতেলী গছত সদায় পানী দিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, January 26, 2023)

সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আপোনাৰ স্বভাৱক অস্থিৰ হব নিদিব, বিশেষকৈ আপোনাৰ পত্নী/পতিৰ লগত ,নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। যদি আপোনাৰ লগৰীয়া আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।

চিকিৎসা :- ইষ্টদেৱতাৰ লোৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, January 26, 2023)

আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। ৰোমাাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।

চিকিৎসা :- ৰঙা পৰুৱাক চেনিজাতীয় বস্তু খুৱাওক ,এনে কৰিলে জীৱনটো শান্তিময় হ’ব।

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese

কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, January 26, 2023)

আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।

চিকিৎসা :- আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে নিয়মিত গায়ত্ৰী মন্ত্ৰ পাঠ কৰক।

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, January 26, 2023)

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে । সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মুল্যৱান সময় বৰবাদ কৰি দিলে। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।

চিকিৎসা :- সেউজীয়া মাহ গোটেই ৰাতি তিয়াই ৰাখি পুৱা পুৱা চৰাই চিৰিকটিক খুৱালে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, January 26, 2023)

আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। যাক আপুনি ভাল পায় ,তেখেতৰ লগত থকা ভুল বুজাবুজি সমূহ আজি সমূলি দূৰ হৈ যাব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।

চিকিৎসা :- ভাল স্বাস্থ্যৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, January 26, 2023)

ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হব-প্ৰেম আৰু সুখেৰে ভৰা ,য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব।

চিকিৎসা :- তুলসী পাতৰ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ।

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, January 26, 2023)

ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ'লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি-ধেমালি ,আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰব।

চিকিৎসা :- হালধীয় ভাত বনাই দুখীয়ৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি সবল হ’ব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, January 26, 2023)

আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক,ইয়াৰ বাবে আপোনাৰ মনৰ হতাশা সমূহ অলপ কম হব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। মাৰ্কেটিং ৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষা ফলভূত হব পাৰে , ইয়াৰ ফলত আপুনি বহুত আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে পোৱা আটাইবোৰ সমস্যা শেষ হৈ যাব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শ ভাৱে প্ৰকাশ পাব। বৈবাহিক জীৱনৰ অকলে থকাটোও বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনালোক দুয়োজন এজনে আনজনৰ বেছি কাষ চাপিব।

চিকিৎসা :- এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰংৰ ঊলৰ কম্বল বিতৰণ কৰক।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, January 26, 2023)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।

চিকিৎসা :- ক’লা-বগা কম্বল কোনোবা ধৰ্ম স্থান্ত দান কৰিলে স্বাস্থ্যত উন্নতি হ’ব।

YouTube

দৈনিক ৰাশিফল (Daily Horoscope in Assamese)

বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।

ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। https://rakhifol.blogspot.com/?m=1 ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।


এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?

ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।


এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??

ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।


মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?

যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।


দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?

ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।


এই ৰাশিফল একেবাৰে শুদ্ধ নে?

ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।

0 Comments