google-site-verification: googlea176fb3be094a239.html
Rakhi fol 14 January 2023/Assamese Rashifal 14 January 2023/Rakhi fol Today rashifal today
দৈনিক ৰাশিফল - Daily Horoscope in Assamese
Saturday, January 14, 2023
তলত ১২ টা ৰাশিৰ বিষয়ে জনুৱা হৈছে
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, January 14, 2023)
আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপুনি নিজকে বহুত খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে ,তদুপৰি আপুনি এই সময়খিনিৰ ভাল কৈয়ে মজা লব পাৰিব। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব।
চিকিৎসা :- বগা মিঠাই খালে আৰু বেলেগকো খুৱালে স্বাস্থ্য ভালে থাকিব।
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, January 14, 2023)
অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। ভুল কথা সমূহক ভুল সময়ত কোৱাৰ পৰা বাচক, যাক আপুনি ভাল পায় তেখেতৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধ মূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব,ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। সদায় একে কাম কৰি থাকিলে যিকোনো মানুহ ভাগৰুৱা অনুভৱ কৰে , আজি আপোনাক এই সমস্যাই বহুত অসুবিধা দিব পাৰে।
চিকিৎসা :- প্ৰেম জীৱন অধিক ভাল কৰিবৰ বাবে নিজৰ ভণ্টিক বহুত মৰম আৰু সন্মান প্ৰদান কৰক।
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, January 14, 2023)
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব , কিছু কামত অহা কাম কৰক যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব।
চিকিৎসা :- হালধীয় ভাত বনাই দুখীয়ৰ মাজত বিতৰণ কৰিলে আৰ্থিক স্থিতি সবল হ’ব।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, January 14, 2023)
শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। আজি আপুনি আত্মীয়সকলক সাক্ষাৎ কৰি নিজৰ সামাজিক দায়িত্ব পূৰণ কৰিব পাৰে।
চিকিৎসা :- ফল ধৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি বিবেচিত হব।
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, January 14, 2023)
আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ,বিশেষকৈ কোনোবা পাৰ্টীত চম্ভালি থাকক। কাৰণ এনেকুৱা হ’লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব ,কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। আপুনি আধ্যাত্মিকতাৰ ফালে এক টান অনুভৱ কৰিব পাৰে আৰু যোগ কেম্পত যোগদান কৰিব পাৰে , কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ প্ৰবচন শুনক ।
চিকিৎসা :- নিয়মিতভাৱে পুৱা উঠি ঘৰৰ বৰিষ্ঠজনৰ ভৰি চুই সেৱা কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি অটুট থাকিব।
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, January 14, 2023)
আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন , একেলগে এক ধুনীয় সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। আজি আপুনি আপোনাৰ দেশৰ লগত জড়িত কিছুমান আকৰ্ষণীয় তথ্য জানি আচৰিত হব পাৰে।
চিকিৎসা :- নিজৰ ইষ্টদেৱতাক হালধীয়া ফুল অৰ্পন কৰক।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, January 14, 2023)
হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সচাঁকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। মদ বা চিগাৰেটৰ অধিক সেৱনে আজি আপোনাক অসুস্থ কৰি তুলিব পাৰে।
চিকিৎসা :- সোৱাদযুক্ত বগা ৰঙৰ মিঠাই দুখীয়া লৰা-ছোৱালীৰ মাজত বিতৰণ কৰিলে আপুনি মানসিক শান্তিৰ প্ৰাপ্ত হব।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, January 14, 2023)
আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পনৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ'লে বিপদত পৰিব পাৰে। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন হতাশ থাকিব।
চিকিৎসা :- তামৰ পাত্ৰত পানী লৈ সূৰ্যক নিবেদন কৰিলে এলেহুৱা প্ৰকৃতিৰ পৰা পৰিত্ৰাণ পাব
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, January 14, 2023)
শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশু সকলৰ তাত এই ক্ষমতা প্ৰকৃতিয়ে দিয়া ,এই গুণ আপোনাৰ পৰিয়ালৰ লগতে পৃথিৱীৰ সকলোও শিশুৰ মাজতে প্ৰদত্ত। সিহতে আপোনাক সন্তুষ্টি আৰু শান্তি দিব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব। আজি বিপদ এটাৰ সন্মুখীন হোৱাৰ পিছত আপোনাৰ অনুভৱ হ’ব যে ভাল বন্ধুৰ এই জীৱনত বহুত দৰকাৰ।
চিকিৎসা :- যোগ্য ব্যক্তিজনক কিতাপ আৰু পঢ়াশুনা ৰ লাগতিয়াল সামগ্ৰীৰ যোগান ধৰিলে আপুনি মনত শান্তি তথা আনন্দ অনুভৱ কৰিব।
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, January 14, 2023)
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। সন্তান খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধি ত অধিক সময় খৰচ কৰিব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোব ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে।
চিকিৎসা :- নিজৰ প্ৰেম জীৱন অধিক সুখময় আৰু শক্তিশালী কৰিবৰ বাবে লক্ষ্মী নাৰায়ণ মন্দিৰত প্ৰসাদ নিবেদন কৰক।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, January 14, 2023)
আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।
চিকিৎসা :- তামৰ অথবা সোণৰ পাত্ৰত ( যদিহে সম্ভৱ) পানী ৰাখি সেই পানীৰ সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱনৰ আৰম্ভ কৰক।
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, January 14, 2023)
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক'লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।
চিকিৎসা :- মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগ আৰু ধ্যান কৰক
দৈনিক ৰাশিফল (Daily Horoscope in Assamese)
বিশেষণ: আজিৰ ৰাশিফল আপোনাক জনাব যে আজিৰ দিনাখন আপুনি কি কি বস্তু তথা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত আৰু কাৰ পৰা দূৰত থকা উচিত ,আজি আপোনাক কি বস্তুয়ে উন্নতিৰ পথত লৈ যাব আৰু কি আপোনাৰ সম্নুখত বাধা ৰূপে থিয় দিব!! আহক জানি লওক আপোনাৰ নক্ষত্ৰ আজি কি কৈ আছে।
ৰাশিফল মূলত : পূৰাতন জ্যোতিষ শাস্ত্ৰৰ ই এক বিধান , যাৰ মাধ্যমেদি বিভিন্ন কাল-খণ্ড ৰ বিষয়ে ভৱিষ্যত বাণী কৰা হয়। য'ত দৈনিক ৰাশিফল দৈনন্দিন ঘটনাক আধাৰ কৰি ভৱিষ্য কথন কৰা হয়, সেইখিনিয়ে সাপ্তাহিক ,মাহেকীয়া আৰু বাৰ্ষিক ৰাশিফল ক্ৰমশঃ সপ্তাহ ,মাহ আৰু বছৰক নিৰ্দেশ কৰে। বৈদিক জ্যোতিষি বিদ্যাত ১২ বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু মীনৰ বাবে ভৱিষ্যৰ ধাৰণা কৰা হয়। ঠিক এনেকৈ ২৭টা নক্ষত্ৰৰ ভৱিষ্যত বাণী কৰা যায়। প্ৰত্যেক ৰাশিৰ নিজা-নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে, অন্তত প্ৰতিদিন গ্ৰহৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি ভিন্ন ভিন্ন-ভিন্ন হয়, এইটোয়ে কাৰণ প্ৰত্যেক ৰাশিফল বেলেগ বেলেগ হোৱাৰ। rakhifol ত দিয়া এই দৈনিক ৰাশিফলবোৰ আমি এনেকুৱা সঠিক পদ্ধতিৰে গণনা কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিছোঁ। এই ধৰণে সাপ্তাহিক ৰাশিফলত আমি আটাইতকৈ সুক্ষ্মতম জ্যোতিষি গণনাতো গুৰুত্ব প্ৰদান কৰিছোঁ। যদি মাহেকীয়া ৰাশিফলৰ কথা উল্লেখ কৰা হয় ,তেন্তে এই কথা ইয়াৰ ওপৰতো আৰোপ হয়।বাৰ্ষিক ৰাশিফল আমাৰ বিদ্বান তথা অনুভৱী জ্যোতিষি সকলে বছৰ ধৰি হব লগা সকলো গ্ৰহৰ পৰিৱৰ্তন,গোচৰ আৰু অন্য বহুত ব্ৰহ্মাণ্ডীয় গণনাৰ মাধ্যমেৰে বছৰৰ বিভিন্ন বিষয় যেনে স্বাস্থ্য ,বৈবাহিক জীৱন অথবা প্ৰেম ,ধন-সম্পত্তি আৰু সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদি বিষয়ৰ ওপৰত পূৰ্ণ বিবেচনা কৰিব।
এই ৰাশিফল নাম ৰাশি অনুযায়ী বনোৱা হৈছে নে জন্ম ৰাশি অনুযায়ী?
ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
এই ৰাশি সূৰ্য ৰাশিৰ ওপৰত আধাৰিত নে চন্দ্ৰৰাশিৰ ওপৰত ??
ৰাশিফল ফলক মূলত চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, এই ভৱিষ্য ফলক সূৰ্য ৰাশিৰ সহায়ত পঢ়া শুদ্ধ বুলি বিবেচিত নহয় ।প্ৰকৃততে ভাৰতীয় জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ ৰাশিক সৰ্বত্ৰ গুৰুত্ব দিয়া হৈছে।
মোৰ ৰাশি কি হয় ,মই সেই বিষয়ে কেনেকৈ জানিম?
যদি আপুনি নিজৰ ৰাশিৰ বিষয়ে জ্ঞাত নহয় আৰু নিজৰ ৰাশিৰ বিষয়ে জানিবলৈ ইচ্ছু তেন্তে এষ্ট্ৰোসেজৰ ৰাশি কেলকুলেটৰৰ ব্যৱহাৰ কৰি নিজৰ ৰাশি গম পাব পাৰে।আপোনাৰ ৰাশি জানিবৰ বাবে জন্ম তাৰিখৰ আৱশ্যক হব। ৰাশি কেলকুলেটৰৰ দ্বাৰা আপুনি ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি বহুত বিষয় সম্বন্ধে জ্ঞাত হব পাৰিব।
দৈনিক ৰাশিফলৰ গণনা কেনেকৈ কৰা হৈছে?
ভাৰতীয় জ্যোতিষ বিদ্যাত বৰ্তমান গ্ৰহৰ স্থিতিক গোচৰ বুলি কোৱা হয়। আজিৰ ৰাশিফল গোচৰ আধাৰিত হয় অৰ্থাৎ ইয়াৰ ফলত দেখা যায় যে আপোনাৰ গ্ৰহ কত অৱস্থান কৰি আছে ।আপোনাৰ ৰাশিক লগ্ন মানি তাত গোচৰৰ গ্ৰহ ৰখাৰ পিছত যি কুণ্ডলী তৈয়াৰ হয় সেই কুণ্ডলী ফলাফলৰ মুখ্য আধাৰ হিচাপে পৰিগণিত হব। ইয়াৰ উপৰিও পঞ্চাংগৰ অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ আৰু কৰন ইত্যাদিও দেখিব পাৰি। ভৱিষ্যফল লেখনত কুণ্ডলীত গ্ৰহৰ স্থিতি আৰু দশা ইত্যাদিৰ ব্যৱহাৰ নহয়।
এই ৰাশিফল একেবাৰে শুদ্ধ নে?
ৰাশিৰ নামৰ পৰাই স্পষ্ট আৰু ৰাশি ফলাফল ৰাশিৰ আধাৰতেই লিখা হয়। গোটেই পৃথিৱীৰ কোটি লোকৰ বিষয়ে অকল বাহ্যিক ৰাশিৰ পৰা ভৱিষ্য কথন কৰাৰ বাবে সামান্য্য ফলকখনেই মানিব লাগে। সঠিক ভৱিষ্যফল ৰ বাবে কোনো জ্যোতিষীৰ দ্বাৰা সম্পূৰ্ণ কুণ্ডলীৰ অধ্যয়ণ কৰাব লাগে।
0 Comments